মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া প্ৰাধিকৰণ, অসম

এ.আই.বি.এ – বিশ্ব মহিলা বক্সিং

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছোচিয়েচন (AIBA) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন। প্ৰাক্তন বক্সাৰ ডি বক্স এমেচাৰ ১৯৪৬ চনত অৰ্পণ কৰিছিল। এই এছোচিয়েচনক আগবঢ়াই নিছিল ৰাষ্ট্ৰপতি ড০ চিং কু উগুৱে।

আইবা, ই হৈছে আটাইতকৈ শক্তিশালী যিয়ে বক্সিঙক সকলো ৰূপত গঢ় দিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আইবাত ২০১জন সদস্য আছে এই ব্যৱস্থাত। মহিলা আৰু পুৰুষ সকলোৰে বাবে আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থাটোৱে সক্ৰিয়ভাৱে কাম কৰি আহিছে। বক্সিং প্ৰাথমিক স্তৰৰ পৰা পুনৰ শক্তিশালী কৰি যুৱকসকলক শাৰিৰীক তথা মানসিকভাৱে পুনৰ ৰূপত গঢ় দিবলৈ এই সংস্থাই অহৰহ কাম কৰি আহিছে। আৰু বক্সাৰৰ বাবে নতুন নতুন সুযোগ প্ৰদান কৰি আহিছে। আইবাৰ মুখ্য উদ্দেশ্যই হৈছে অলিম্পিক ধাৰাটোক ধৰি ৰখাত আগ্ৰহ প্ৰকাশ কৰা। এই মূল্যবোধেৰে আইবাই উন্নত পৰ্যায়ত স্বচ্ছ মানদণ্ডৰ বিশ্ববিশ্ৰুত খেলসমূহক জয় কৰিবলৈ বদ্ধপৰিকৰ।

আমাৰ প্ৰতিযোগিতাৰ নতুন ৰূপ- আইবা প্ৰ’ বক্সিং (APB) আৰু বিশ্ব শিতানৰ বক্সিং (World Service Boxing) – WSB এই সকলোৰে বাবে নতুন পথৰ সৃষ্টি কৰি যাতে প্ৰাথমিক স্তৰৰ পৰা গৈ যুৱ বক্সাৰসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিব পাৰে।

বক্সাৰসকল উত্সাহ আৰু সমৰ্থন সহ প্ৰতিযোগিতাত যোগদান কৰি এক নিৰাপদ প্ৰ বক্সিং কেৰিয়াৰ যাতে গঢ় লয় তাৰ বাবে নতুন প্ৰজন্মক আইবাই অৰিহণা যোগাই আহিছে।

আইবা (AIBA)ৰ মূখ্য কাৰ্যালয়-

আন্তঃৰাষ্ট্ৰীয়বক্সিং সংস্থা

মেইছন ডু স্পৰ্ট ইণ্টাৰনেশ্যনেল

এভিনিউ ডু ৰডানি ৫৪

১০০৭ লাউছেন

ছুইজাৰলেণ্ড

আইবাৰ বুৰঞ্জী (১৯৪৬-২০১৬)

১৯৪৬ৰ ডিচেম্বৰত গঠন হৈছিল, ৭০ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় বক্সিঙত পৰিচালনা সমিতি হিচাপে কাৰ্যনিৰ্বাহ

৭ দশক জুৰি আইবাই একেৰাহে বক্সিং জগতত এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলবিধক বিশ্বৰ ভিতৰতে জনপ্ৰিয় খেললৈ ৰূপান্ত কৰিলে।

নতুন প্ৰতিযোগিতা ডব্লিউ এছ বি (২০১০) আৰু এ পি বি বক্সিং (২০১৫) আৰম্ভ কৰা হল, যত ১৯৪৮ত অলিম্পিক বক্সাৰৰ বাবে মূৰত পিন্ধা টুপি (হেডগাৰ্ড) বাধ্যতামূলক কৰাৰ সিদ্ধান্ত খাৰিজ কৰা হল আৰ বিশ্ব বক্সিঙত ১৯৯৪ৰ পৰা এক মুৰব্বী সেনানীৰ ৰূপত চামিল কৰা হল।

২০১৬ত, আইবাই ২০০ ৰাষ্ট্ৰীয় সংস্থাৰ সদস্য পদ পালে, আৰু এই সংখ্যা বৰ সন্তোষজনক।

আইবা প্ৰতিযোগিতাৰ ক্ৰমবিকাশ-

প্ৰথমখন আইবা পুৰুষৰ বক্সিং চেম্পিয়নশ্বিপ ১৯৭৪ চনৰ কিউবাৰ হাভানাত অনুষ্ঠিত হৈছিল। পাঁচ বছৰৰ পাছত জুনিয়ৰ প্ৰতিযোগিতাৰ আগত অৱস্থিতিৰ আত্মপ্ৰকাশ কৰিছিল।

আইবাই একেৰাহে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ ক্ষেত্ৰত সঠিক মানদণ্ড অটুট ৰাখিছে। ২০১৫ত পুৰুষৰ বিশ্ব চেম্পিয়নশ্বিপত দৰ্শকৰ ভূয়সী প্ৰশংসা পাইছিল। এই প্ৰতিযোগিতা ডোহাত অনুষ্ঠিত হৈছিল।

আজিৰ দিনত, আইবাই দ্বিবাৰ্ষিক পুৰুষ আৰু মহিলাৰ বিশ্ব চেম্পিয়নশ্বিপ সমাজৰ শ্ৰেষ্ঠ ব্যক্তিসকল, যুৱ আৰু কনিষ্ঠ পৰ্যায়ত আঁত ধৰিছিল, আতিথ্য আগবঢ়াইছিল আৰু ইয়াৰ বক্সাৰসকলে অলিম্পিক আৰু যুৱ অলিম্পিক ক্ৰীড়াকে ধৰি বিভিন্ন আগশাৰীৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশ লৈছিল। ইয়াৰোপৰি ইউৰোপীয়ান, পান-আমেৰিকান আৰু পান-এছিয়ান গেমছ, কমনৱেল্থ গেমছ, মহাদেশীয় বক্সিং চেম্পিয়নশ্বিপ আদি যিবিলাক আইবা মৈত্ৰী ভাৱাপন্ন সংঘই অনুষ্ঠিত কৰিছিল।

ৰাষ্ট্ৰীয় ফেডাৰেশ্বন –

আইবা হল বক্সিঙক সকলো ৰূপতে প্ৰতিপন্ন কৰিবলৈ শক্তিশালী পৰিচালনা সমিতি। সংঘৰ সদস্য ২০০গৰাকী। আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থা আৰু ৰাষ্ট্ৰীয় সংঘই পুৰুষ আৰু মহিলা উভয়ৰে বাবে কাম কৰি আছে। বক্সিঙক প্ৰাথমিক পৰ্যায়ৰ পৰা সমাজৰ সকলো স্তৰৰ ব্যক্তিলৈকে বিয়পাই আনি প্ৰ-বক্সাৰ আৰু বক্সাৰক ডব্লিউ.এছ.বি আৰু এ.পি.বি. প্ৰতিযোগিতাৰ মাজেদি নতুন সুযোগৰ সন্ধান দিছে। ৬,০০০ বক্সাৰ আৰু ৫,০০০ বিষয়া-আমোলা আইবা (AIBA)ৰ পৰিয়ালৰ সদস্য।

মহাদেশ অনুসৰি গণনা নিম্নধৰণৰ-

  • আফ্ৰিকা (৪৯)
  • আমেৰিকা (৪২)
  • এছিয়া (৪৪)
  • ইউৰোপ (৫০)
  • অচেনিয়া (১৫)

গুৱাহাটী ২০১৭ত অনুষ্ঠিত যুৱ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত AIBAৰ তথ্য-

 

প্ৰতিযোগিতাৰ তাৰিখ১৯ নৱেম্বৰ,২০১৭ৰ পৰা ২৬ নৱেম্বৰ,২০১৭লৈকে।
এথলেটৰ মুঠ সংখ্যা৩০০ (প্ৰায়) আইবাত অন্তৰ্ভুক্ত দেশ
সৰ্বমুঠ প্ৰতিনিধি দল১৫০ (প্ৰায়)
মুখ্য স্থাননবীন চন্দ্ৰ বৰদলৈ, ইনডৰ ষ্টেডিয়াম, সৰু সজাই ক্ৰীড়া প্ৰকল্প (দৰ্শকৰ ক্ষমতা প্ৰায় ২০০০)
প্ৰশিক্ষণ স্থান –১.দেশভক্ত তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়াম, আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্প, উলুবাৰী, গুৱাহাটী
প্ৰশিক্ষণ স্থান – ২.ছাই ইনডৰ ষ্টেডিয়াম পল্টন বজাৰ, গুৱাহাটী, অসম