মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া প্ৰাধিকৰণ, অসম

ইতিহাস

  • অসম ক্ৰীড়া প্ৰাধিকৰণ(SAA) ১৪৬০ চনৰ ছচাইটী আইনৰ অধীনত পঞ্জীয়নকৃত এথন ছচাইটী। ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পাছতেই ২০১০ চনত ছা (SAA) গঠন কৰা হৈছিল। ৰাজ্যত ৩৩তম ৰাষ্ট্ৰীয় গেমছ সুচাৰু ৰূপে ধৰি ৰাখিবৰ বাবেই ক্ৰীড়া আন্তঃগাঁঠনিৰ (ৰাজহুৱা আৰু সা-সঁজুলি) উন্নয়ন আৰু পৰিচালনা কৰাই ইয়াৰ মূল উদ্দেশ্য।

    ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সময়ত বিভিন্ন শিতানৰ ক্ৰীড়াৰ বাবে ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়াম, ড০ জাকিৰ হুছেইন জল প্ৰকল্প, নবীন চন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়াম, আমিনগাঁৱৰ ৰজীৱ গান্ধী ইনডৰ ষ্টেডিয়াম, দেশভক্ত তৰুণৰাম ফুকন ইনডৰ হল, আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্প, মৌলানা মঃ তৈয়াবুল্লাহ হকী ষ্টেডিয়াম ভেটাপাৰা, ভোগেশ্বৰী ফুকননী ইনডৰ ষ্টেডিয়াম, ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্প, দিছপুৰ, চতুৰ্থ এ.পি.বি.এন, গুৱাহাটীকৰ শ্বুটিং ৰেঞ্জ, মৰিগাঁৱৰ চাৰণ বিল আদিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত খেলসমূহৰ সঠিক পৰিচালনা কৰে এই ছাই।

    অসম ক্ৰীড়া প্ৰাধিকৰণ পৰিচালনা সমিতিৰ সভাপতি ৰাজ্যৰ মুখ্যমন্ত্ৰী নিজে। শাসকীয় কমিটীৰ প্ৰতিষ্ঠাপক সভাপতি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আছিল।